ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Kokrajhar : কোকৰাঝাৰত ক্ৰমে ঘূৰি আহিবলৈ ধৰিছে স্বাভাৱিক অৱস্থা, কঠোৰ সতৰ্কতা অৱলম্বন নিৰাপত্তা বাহিনীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
January 22, 2026
Reading Time: 1 min read
A A
0
Kokrajhar : কোকৰাঝাৰত ক্ৰমে ঘূৰি আহিবলৈ ধৰিছে স্বাভাৱিক অৱস্থা, কঠোৰ সতৰ্কতা অৱলম্বন নিৰাপত্তা বাহিনীৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

কোকৰাঝাৰ (Kokrajhar) জিলাত ক্ৰমে স্বাভাৱিক অৱস্থা পুনৰ ঘূৰি আহিবলৈ ধৰিছে। সাম্প্ৰতিক হিংসাত্মক ঘটনাৰ পিছত নিৰাপত্তা বাহিনীয়ে কঠোৰ সতৰ্কতা অৱলম্বন কৰিছে৷ সেনা বাহিনীয়ে টহল তীব্ৰ কৰাত সামগ্ৰিক পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা পৰিলক্ষিত হৈছে। যোৱা ২০ জানুৱাৰীৰ সন্ধ্যাৰ পিছত কোনো নতুন ঘটনা সংঘটিত হোৱা নাই বুলি আৰক্ষী-বাহিনীয়ে প্ৰকাশ কৰিছে৷ উল্লেখ্য যে কোকোৰাঝাৰত বড়ো আৰু আদিবাসী সম্প্ৰদায়ৰ মাজত হোৱা সংঘৰ্ষত দুজনৰ মৃত্যু হয় আৰু অশান্তিৰ সময়ছোৱাত পৃথক দুৰ্ঘটনাত আন এজন নিহত হয়। প্ৰতিবাদৰ পৰা আৰম্ভ হোৱা এই হিংসাত্মক ঘটনা অনিয়ন্ত্রিত হৈ পৰাৰ সময়ত ৰাজহুৱা সম্পত্তি জ্বলাই দিয়া আৰু সংঘৰ্ষলৈ পৰিণত হোৱা পিছত প্ৰশাসনে অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰে।

চৰকাৰী সূত্ৰই জনোৱা অনুসৰি, সংবেদনশীল অঞ্চলসমূহত চাৰিটা সেনাৰ বাহিনীৰ গোট মোতায়েন কৰে। লগতে চিআৰপিএফ আৰু অসম আৰক্ষীয়ে উক্ত অঞ্চলসমূহত অবিৰত টহল চলাই আছে। পুনৰ সংঘবদ্ধ হোৱা বা হিংসা বাঢ়ি অহাৰ সকলো সম্ভাৱনা দমন কৰিবলৈ ফ্লেগ মার্চ আৰু চেক-পইণ্ট বৃদ্ধি কৰা হৈছে। জিলাখনৰ পাঁচখন বিদ্যালয়ত স্থাপন কৰা শিবিৰত বৰ্তমান এক হাজাৰতকৈ অধিক লোকে আশ্ৰয় লৈ আছে। প্ৰশাসনে স্থানচ্যুত পৰিয়ালসমূহক খাদ্য, চিকিৎসা সহায় আৰু দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰি আছে আৰু পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হোৱাৰ পাছত তেওঁলোকক ঘৰৰ ব্যৱস্থা কৰি দিবলৈ কাৰ্য হাতত লৈছে।

kok 1 | ASSAM TIMES POST
কোকৰাঝাৰত ক্ৰমে ঘূৰি আহিবলৈ ধৰিছে স্বাভাৱিক অৱস্থা, কঠোৰ সতৰ্কতা অৱলম্বন নিৰাপত্তা বাহিনীৰ

ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১৬৩ অনুসাৰী জাৰি কৰা নিষেধাজ্ঞা বলবৎ হৈ আছে আৰু উত্তেজনামূলক বিষয়বস্তু প্ৰসাৰিত হোৱাটো ৰোধ কৰিবলৈ ইণ্টাৰনেট সেৱাও স্থগিত ৰখা হৈছে৷ সোমবাৰৰ পুৱা কাৰিগাঁৱৰ মানসিং ৰোডৰ ওচৰত এখন বাহন দলীয়ে আক্রমণ কৰা ঘটনাও ঘটিছিল। আদিবাসী সম্প্ৰদায়ৰ দুজন লোক আহত হয় আৰু পিছত সেই বাহনখন অগ্নিসংযোগ কৰা হয়। আহত দুজনৰ ভিতৰত এজনক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে যদিও আনজন চিকিৎসাৰ সময়তে মৃত্যু হয়। মঙলবাৰৰ পূৰ্বাহ্নত দুটা সম্প্ৰদায়ৰ লোকেই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, এটা চৰকাৰী কাৰ্যালয় জ্বলাই দিয়া আৰু এখন থানা আক্রমণ কৰাৰ ঘটনা ঘটিছিল।

ইপিনে অশান্তিজৰ্জৰ পৰিস্থিতি উদয় হোৱাৰ সময়ত আৰক্ষীয়ে লাঠি চালনা আৰু কন্দোৱা গেছ প্ৰয়োগ কৰে, যাৰ ফলত কেইবাজনো লোক, লগতে কেইজনমান আৰক্ষী কৰ্মীও আহত হয়। উচ্চপদস্থ কৰ্মচাৰীয়ে সমগ্ৰ পৰিস্থিতিক তীব্ৰ নজৰ দি আছে আৰু প্ৰয়োজনত অতিৰিক্ত বাহিনী মোতায়েনৰ বাবে সকলো ব্যৱস্থা ৰাখিছে। প্ৰশাসনে জনসাধাৰণক শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে আৰু হিংসাত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা লোৱা হ’ব বুলি স্পষ্ট ভাষাৰে জনাইছে।

Tags: Kokrajhar
Share4Tweet3Send

Related Posts

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
ADVERTISEMENT
Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati
NORTHEAST

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

August 13, 2026
50
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ
National-International

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

August 13, 2026
50
Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী
National-International

Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী

August 13, 2026
50
Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

August 13, 2026
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

August 13, 2026
Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী

Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী

August 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx