ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

মোদী-শ্বাহৰ উপস্থিতিত উত্তৰ-পূবৰ দুই মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ

নিউজ ডেস্কঃ

News Desk by News Desk
March 7, 2023
Reading Time: 1 min read
A A
0
মোদী-শ্বাহৰ উপস্থিতিত উত্তৰ-পূবৰ দুই মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ

RELATED POSTS

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

Manipur Extortion Case : Militant Among 3 Arrested

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)ৰ উপস্থিতিত মঙলবাৰৰ পৰা আৰম্ভ হʼল উত্তৰ-পূব ভাৰতৰ (North-East India) দুখন ৰাজ্যৰ বিজেপি সমৰ্থিত চৰকাৰৰ যাত্ৰা। নেচনেল পিপ’লছ পাৰ্টিৰ মুৰব্বী কনৰাড চাংমাই (Conrad Sangma) মেঘালয়ত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী (Chief Minister) হিচাপে শপত গ্ৰহণ কৰে। আনহাতে, নাগালেণ্ড (Nagaland)ত পঞ্চমবাৰৰ বাবে নেচনেলিষ্ট ডেমোক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ সভাপতি নেফিউ ৰিঅʼই (Neiphiu Rio) মুখ্যমন্ত্ৰীৰ আসন গ্ৰহণ কৰে। শপত গ্ৰহণ (Swearing-in) অনুষ্ঠানত মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah) আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাও উপস্থিত থাকে। লগতে থাকে অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী।

মেঘালয়ত এনপিপিৰ মুৰব্বী কনৰাডে ১১ জন মন্ত্ৰীৰ সৈতে ৰাজ্যপাল ফাগু চৌহানৰ আগত শপত গ্ৰহণ কৰে। ইয়াৰ ভিতৰত এন পি পিৰ ৯ জন, ইউনাইটেড ডেমোক্ৰেটিক পাৰ্টিৰ ২ জন, বিজেপি আৰু এইচ এছ পি ডি পিৰ ১ জনকৈ মন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰে। নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো দলে পৃথকে পৃথকে যুঁজ দিছিল যদিও ত্ৰিশংকু বিধানসভাত নিৰ্বাচনৰ পিছত চাৰিটা দলে মিত্ৰজোঁট গঠন কৰি ক্ষমতা দখল কৰিছিল। উল্লেখ্য, মেঘালয়ে ৪ দশক ধৰি ত্ৰিশংকু পৰম্পৰা বজাই ৰাখিছে।

modi1 | ASSAM TIMES POST

মেঘালয় বিধানসভাৰ ৬০খন আসনৰ ভিতৰত ৫৯খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হয়। কিন্তু কোনো দলেই প্ৰয়োজনীয় সংখ্যক সংখ্যাগৰিষ্ঠতা নাপালে। এন পি পি ২৬, ইউ ডি পি ১১, কংগ্ৰেছ আৰু তৃণমূল ৫ খনকৈ, ভইচ অৱ দ্য পিপল পাৰ্টিৰ ৪ খন আসন। বিজেপি, এইচ এছ পি ডি পি, পিডিএফ আৰু নিৰ্দলীয়ই ২ খনকৈ আসন লাভ কৰে। ইতিহাসে কয় যে শেষবাৰৰ বাবে ১৯৭৮ চনৰ বিধানসভা নিৰ্বাচনত মেঘালয়ত ‘অল পাৰ্টি হিল লিডাৰছ’ সন্মিলনে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল।

আনহাতে, নাগালেণ্ডত বিজেপিৰ সৈতে মিত্ৰতা কৰি ৰিঅʼৰ এনডিপিপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। মঙলবাৰে ৰিঅʼৰ সৈতে তেওঁৰ দলৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে ৰাজ্যপাল লা গণেশৰ ওচৰত শপত গ্ৰহণ কৰে। বিজেপিৰ ৱাই পেটনে উপ-মুখ্যমন্ত্ৰীৰ পদ লাভ কৰে। ৰিঅʼৰ মন্ত্ৰীসভাত মুঠ ৯ জন লোক আছে, যʼত আছে ৰাজ্যিক বিজেপিৰ সভাপতি টেমজেন ইমনা আলং আৰু এনডিপিপিৰ নেত্ৰী তথা নাগালেণ্ডৰ প্ৰথম দুগৰাকী মহিলা বিধায়কৰ ভিতৰত এগৰাকী ছালহাউটুনাউ ক্ৰুজ। কিন্তু এনডিপিৰ জনপ্ৰিয় নেত্ৰী তথা ৰাজ্যৰ আন এগৰাকী মহিলা বিধায়িকা হেকানী জখলুৰক মন্ত্ৰীসভাত স্থান দিয়া নহʼল।

এইবাৰ নাগালেণ্ডৰ ৬০খন বিধানসভাৰ আসনৰ ভিতৰত এনডিপিপিয়ে ২৫খন আৰু বিজেপিয়ে ১২খন আসন লাভ কৰে। এন চি পিয়ে ৭ খন, এন পি পি ৫ খন, এন পি এফ (নগা পিপলছ ফ্ৰণ্ট), আৰ পি আই আৰু লোকজন শক্তি পাৰ্টিয়ে (ৰামবিলাছ) ২ খনকৈ আসন লাভ কৰে। জেডি (ইউ) ১ খন আৰু নিৰ্দলীয় দলে ৪ খন আসন লাভ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Swearing-inশপত গ্ৰহণ
Share4Tweet3Send

Related Posts

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে
NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

by News Desk
September 26, 2026
59
Manipur Extortion Case : Militant Among 3 Arrested
NORTHEAST

Manipur Extortion Case : Militant Among 3 Arrested

by News Desk
September 26, 2026
53
Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ
NORTHEAST

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

by News Desk
September 26, 2026
53
Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

by News Desk
September 18, 2026
57
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
52
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
56
ADVERTISEMENT
NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ
Assam

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

September 29, 2026
50
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
National-International

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026
52
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ
National-International

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026
52
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট
Guwahati

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

September 28, 2026
54
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

September 29, 2026
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d